Dr A F J Answary

Dr A F J Answary Dr A F J Answary happens to be one of the leading Dental Surgeon , currently located in Nagaon, Assam.

20/12/2022

দন্ত চিকিৎসা আৰু কৃত্ৰিম দাঁত
ডাঃ ৰীতি কৌশিক (লেখিকা ডেণ্টেল ক্লিনিকেল স্পেচিয়েলিষ্ট)

“সাধাৰণতে ২৪ ঘণ্টা উকলি যোৱাৰ পিছত দাঁত উঠোৱা খালী ঠাইখিনি খুব পৰিষ্কাৰকৈ ৰাখিব লাগে, যাতে তাৰ পৰা নতুনকৈ বেলেগ ইনফেকচন বা সংক্ৰমণ নহয়। মাউথ বাশ্বৰ লগতে মাজে-সময়ে কুহুমীয়া গৰম পানীত নিমখ দি কুলকুলি কৰিব লাগে।”

ক্ষৰণ ৰোগ হৈ একেবাৰে বেয়া অৱস্থাৰ দাঁত এটা দন্ত চিকিৎসক এগৰাকীৰ কাৰণে উঠোৱাৰ বাহিৰে উপায় নাথাকে। দাঁত এটা উঠাই দিয়া প্ৰক্ৰিয়াটো শুনিবলৈ যথেষ্ট সহজ যেন লাগিলেও ই এক অতি সংবেদনশীল পদ্ধতি বা ই এক গম্ভীৰ বিষয়। আমি আগতে দাঁত এটা কি কি কাৰণত উঠাব লাগে আৰু কি কি কাৰণত উঠাব নোৱাৰি এই বিষয়ে বহুলভিত্তিক আলোচনা কৰিছো। আজি আমি আলোচনাৰ বিষয় হিচাপে বাচি লৈছো দাঁত এটা উঠোৱাৰ পিছৰ পৰ্যায়। অৰ্থাৎ দাঁত এটা উঠোৱাৰ পিছত হ’ব পৰা জটিলতাৰ বিষয়ে। এই জটিলতাসমূহ ৰোগীজনৰ কাৰণে ভয়ানক আৰু সেইবাবেই ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। সাধাৰণতে দাঁত উঠোৱাৰ ২৪ ঘণ্টালৈকে ৰোগীক ঠাণ্ডা আৰু পাতলীয়া আহাৰ খাবলৈ দিয়া হয় আৰু প্ৰথমদিনা মুখ কুলকুলি নকৰিবলৈ উপদেশ দিয়া হয়। কিয়নো দাঁত উঠোৱাৰ দুই-তিনি মিনিটৰ ভিতৰত তেজ কৰাল মৰা আৰম্ভ হয়। যদি সেই কৰাল মৰাখিনি লৰচৰ হয়, তেন্তে আকৌ নতুনকৈ দাঁত উঠোৱা ঠাইৰ পৰা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাই। গতিকে প্ৰথম ২৪ ঘণ্টা সাৱধানে থকাৰ উপদেশ দিয়া হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত দাঁত উঠোৱাৰ পিছত চিলাই দিয়া হয়, এই চিলাই সাত দিনৰ পিছত খোলা হয়। সাধাৰণতে ২৪ ঘণ্টা উকলি যোৱাৰ পিছত দাঁত উঠোৱা খালী ঠাইখিনি খুব পৰিষ্কাৰকৈ ৰাখিব লাগে, যাতে তাৰ পৰা নতুনকৈ বেলেগ ইনফেকচন বা সংক্ৰমণ নহয়। মাউথ ৱাশ্বৰ লগতে মাজে-সময়ে কুহুমীয়া গৰম পানীত নিমখ দি কুলকুলি কৰিব লাগে।
তলত আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম দাঁত উঠোৱাৰ পিছত হ’ব পৰা জটিলতাৰ বিষয়ে।
১। অপাৰেচন কৰাৰ পিছৰ ৰক্তক্ষৰণ (Post Operative Haemorrhage)— দাঁত এটা উঠোৱাৰ পিছত ৰোগীজনৰ যদি ৰক্তক্ষৰণ হৈয়েই থাকে এক-দুই ঘণ্টালৈ, তেন্তে ৰোগীজনৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে গতি কৰিব। দাঁত উঠোৱা প্ৰতিগৰাকী ৰোগীক কিছু সময়ৰ বাবে কুলকুলি কৰাৰ পৰা বিৰত থাকিবলৈ দিব লাগে, যাতে বন্ধ হ’ব ধৰা ৰক্তক্ষৰণ আকৌ আৰম্ভ নহয়। অলপ কপাহ উতলাই তাক ভালদৰে আতি লৈ উঠোৱা দাঁতটোৰ ঠাইত দি ভালদৰে কামুৰি ধৰিবলৈ দিব লাগে, যাতে তেজ ওলোৱা বন্ধ হৈ যায়। লগতে বিভিন্ন ঔষধো ব্যৱহাৰ কৰা হয় ৰক্তক্ষৰণ বন্ধ কৰিবলৈ।
২। বিষ আৰু ফুলা (Pain)— দাঁত এটা উঠোৱাৰ পিছত সেই ঠাইখিনি বিষোৱা আৰু ফুলি উঠাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যদি দাঁতটো উঠাওঁতে অতি বেছি জোৰ দিবলগীয়া হৈছে বা আঘাত পাইছে, তেতিয়া বহু বেছি ফুলি উঠা দেখা যায়। তেনে অৱস্থাত সেই ঠাইখিনিৰ বাহিৰ ফালে মুখমণ্ডলত ঠাণ্ডা দিব লাগে আৰু বিষনাশক মলম লগাব লাগে। যদি তথাপি ভাল নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে এণ্টিবায়’টিক ঔষধৰ সহায় লোৱা উচিত।
৩। বেক্টেৰেমিয়া (Bacteraemia)— বেক্টেৰিয়েল ইনফেকচন যাতে নহয় তাৰ বাবে চিকিৎসকে দাঁত উঠোৱাৰ আগতেই এণ্টিবায়’টিক খাবলৈ দিয়ে ৰোগীগৰাকীক। নহ’লে পিছত দাঁতৰ ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।
৪। অষ্টিঅ’মাইলাইটিছ (Osteomyelitis)— দাঁত উঠোৱাৰ পিছত এই সমস্যাই দেখা দিয়ে কিছুমান ক্ষেত্ৰত। অতি বেছি জ্বৰ হোৱাৰ লগতে শ্বেতৰক্ত কণা বৃদ্ধি হয় আৰু উঠোৱা দাঁতটোৰ কাষৰ দাঁতটো নিজৰ ঠাইত ঢিলা হৈ পৰে। এক্স-ৰে’ৰ সহায়ত ইয়াক নিশ্চিত কৰা হয়।
৫। ড্ৰাই ছ’কেট (Dry Socket)— ই একধৰণৰ বিষযুক্ত খালী ঠাই, য’ত দাঁত উঠোৱাৰ পিছত নিজেই পূৰ্ণ নহৈ নাৰ্ভবোৰ ওলাই থাকে। ফলত ই বহুত বেছি বিষময় হয়। সাধাৰণতে এই অৱস্থা দাঁত এটা উঠোৱাৰ দ্বিতীয় অথবা তৃতীয় দিনা হয়, লগতে মুখৰ ভিতৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়। এনেক্ষেত্ৰত কুহুমীয়া গৰম পানীৰে ভালকৈ মুখখন আখলি এণ্টিছেপ্টিক ড্ৰেছিং দিয়া হয়।
ইয়াৰ লগতে আৰু দুটামান কথা সংযোজিত কৰিব বিচাৰিছো যে দাঁত এটা উঠোৱাৰ পিছত যদি সেই ঠাইখিনিত কেপিং কৰা নহয় বা কৃত্ৰিম দাঁত লগোৱা নহয় তেতিয়া কি ধৰণৰ সমস্যাই দেখা দিব পাৰে।
ক) দাঁত এটা উঠোৱাৰ পিছত যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত খালী হৈ পৰা ঠাইখিনি কেপিং কৰি অথবা কৃত্ৰিম দাঁত লগাই পূৰণ কৰা নাযায় তেন্তে সম্পূৰ্ণ দাঁতৰ পাৰিটোৰ সমস্যাই দেখা দিয়ে। গোটেই পাৰিটো সমান্তৰাল হৈ নাথাকে (Improper teeth alignment)। ফলত দাঁতবোৰ দুৰ্বল হৈ পৰে, উপযুক্ত জোৰ নাপাই। খোৱাত অসুবিধা হয়।
খ) খালী হৈ থকা ঠাইখিনিৰ কাৰণে খাদ্যবস্তু চোবোৱাত অসুবিধা হয় আৰু কামোৰবোৰ সঠিক নহয়। যাৰ ফলত খাদ্য ভালকৈ হজমো নহয়।
গ) দাঁতটো উঠোৱাৰ ফলত খালী হৈ থকা ঠাইখিনিত আৰু কাষৰ দাঁতত ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।
ঘ) বাৰে বাৰে ব্ৰাছ কৰাৰ ফলত খালী হৈ থকা আলুখিনিত ব্ৰাছ লাগি ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।
দাঁত এটা উঠোৱাৰ পিছত সম্পূৰ্ণ তিনি মাহ অপেক্ষা কৰিব লাগে। তাৰ পিছতহে নতুন দাঁত সংস্থাপন কৰাৰ কথা ভাৱিব পাৰি। কৃত্ৰিম দাঁত দুই ধৰণৰ পদ্ধতিৰে লগোৱা হয়। প্ৰথম ‘ইমপ্লেণ্টেচন’ আৰু দ্বিতীয়তে ‘ব্ৰীজ’ (bridge)।
১। ইমপ্লেণ্টেচন (Implantation/Implant)— এটা দাঁত উঠোৱাৰ পিছত সেই খালী ঠাইখিনিত নতুনকৈ কৃত্ৰিম দাঁত এটা সংস্থাপন কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াত অতি উচ্চমানৰ ধাতু নিকেল টাইটেনিয়ামৰ কিছুমান স্ক্ৰু (Screw) উঠাই পেলোৱা দাঁতটোৰ হাড়লৈকে সংস্থাপন কৰা হয়। এই স্ক্ৰু সংস্থাপন কৰা তিনি মাহ পিছত স্ক্ৰুসমূহৰ ওপৰত কৃত্ৰিম দাঁতটো বহাই দিয়া হয়। এই চিকিৎসা পদ্ধতিৰ বাবে হাড় মজবুত আৰু শক্তিশালী হোৱা অতি প্ৰয়োজনীয়। লগতে ৰোগী শাৰীৰিকভাৱে সুস্থ হোৱা দৰকাৰী।
২। ব্ৰীজ (Bridge)—উঠাই পেলোৱা দাঁতটোৰ কাষৰ দাঁতৰ সহায় লৈ নতুন কৃত্ৰিম দাঁত লগোৱা হয় ব্ৰীজ পদ্ধতিৰ সহায়ত। এখন দলং তৈয়াৰ কৰিবলৈ যি ধৰণে দুটা খুঁটাৰ মাজত দলংখন থাকে, ঠিক একেদৰে এই পদ্ধতিত কাষৰ দাঁত দুটা খুঁটা হিচাপে ব্যৱহাৰ কৰি কৃত্ৰিম দাঁত লগোৱা হয়। ইয়াৰ বাবে কাষৰ দাঁত দুটা যন্ত্ৰ ব্যৱহাৰ কৰি অলপ আকাৰত সৰু কৰি লোৱা হয়, যাতে কৃত্ৰিম দাঁতটো বহুৱাব পাৰি বা ক্ৰাউনটো (crown) বহুৱাব পাৰি, য’ত উঠাই পেলোৱা দাঁতটো সংলগ্ন হৈ থাকে।
এই দুটা পদ্ধতিৰ সহায়ত বৰ্তমান কৃত্ৰিমভাৱে উঠাই পেলোৱা দাঁত লগোৱা হয়। উঠাই পেলোৱা দাঁত লগোৱাটো অতি প্ৰয়োজনীয়। উঠাই পেলোৱা দাঁত নলগালে কাষৰ দাঁতবোৰৰ জোৰ নোহোৱা হৈ যায় লাহে লাহে। ভালকৈ চোবাই খোৱাত অসুবিধা হয়। ভালকৈ চোবাই খাব নোৱাৰিলে খাদ্য হজম নহয়, ফলত শৰীৰে পাবলগীয়া পুষ্টি নাপাই।
দাঁতৰ যতন ভালকৈ লওঁক, দুযোৰ সুস্থ-সবল আৰু নিৰোগী দাঁতৰ অধিকাৰী হওঁক। দাঁত সুস্থ হ’লেহে শৰীৰ নিৰোগী হ’ব আৰু এটা ধুনীয়া হাঁহিৰ গৰাকী হ’ব।

জনহিতাৰ্থে প্ৰচাৰিত
(বিঃ দ্ৰঃ – আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই নিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।)

20/02/2021

দন্ত চিকিৎসা – কলা আৰু বিজ্ঞান

এক বিশাল পৰিসৰৰ সমষ্টি দন্ত বিভাগ। ইয়াক কেইটামান শাৰী বা অলপমান ভাষ্যত সীমাবদ্ধ কৰিব পৰা নাযায়। এটা লিখনিৰ মাজেৰে দন্ত বিভাগক বুজাবলৈ যোৱা ধৃষ্টতা কৰাৰ সাহস মোৰ নাই। তথাপি ব্যক্তিগত প্ৰেক্টিছত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈ আহিছো। নিজৰ সাধ্য অনুসৰি আৰু যতকিঞ্চিৎ জ্ঞানৰ সহায়ত উত্তৰ দিয়াৰ লগতে চিকিৎসা কৰি আহিছো। তেনে কিছু বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈকে এই প্ৰবন্ধ যুগুত কৰা হৈছে।

ক) ডাক্তৰ আমাৰ দাঁতত ৰং কিয় ধৰে ?
খ) ডাক্তৰ মাজে মাজে দাঁতোন কৰিলে তেজ ওলায় আৰু লগতে খুব বেয়া গোন্ধ ওলায় কিয় বাৰু ?
গ) মোৰ দাঁত পোকে খাইছে কিয় বাৰু ?

এনেদৰে প্ৰায়ে কিছুমান প্ৰশ্নৰ লগত আমি সন্মুখীন হৈ থাকো। আচলতে প্ৰত্যেকটো প্ৰশ্ন ইটোৰ লগত সিটো জড়িত। যেনে প্ৰথম প্ৰশ্ন—

ক)দাঁতত ৰং কিয় ধৰে ?

উত্তৰ হিচাপে আমি জনাওঁ যে আমাৰ দাঁতত তিনিটা তৰপ থাকে। এনামেল (Enammel), ডেণ্টিন (Dentin) আৰু পাল্প (Plup)। প্ৰথম তৰপ এনামেল হাড়তকৈও কঠিন। ইয়াৰ ৰং বগা। দ্বিতীয় তৰপটো হৈছে ডেণ্টিন, যাৰ ৰং হালধীয়া আৰু খুব সংবেদনশীল (Sensitive)। এনামেল ক্ষয় হ’লে ডেণ্টিন বাহিৰ ওলাই পৰে, ফলত দাঁত বহুত বেছি সংবেদনশীল হৈ পৰে। তৃতীয় আৰু ভিতৰৰ তৰপটো হৈছে প্লাপ বা দাঁতৰ নাৰ্ভৰ প্ৰভাৱ থকা স্তৰ। এই তৰপৰ বাবে দাঁতৰ তেজ চলাচল হৈ থাকে। যেতিয়ালৈ এই তৰপ সুস্থ হৈ থাকে তেতিয়ালৈ দাঁত জীয়াই থাকে। কেতিয়াবা যদি আঘাতপ্ৰাপ্ত হৈ নাইবা কেৰিজ হৈ প্লাপ মৰি যায়, তেন্তে দাঁতৰ ৰং ক’লা হৈ পৰে।
আচলতে আমাৰ স্থায়ী দাঁত ওলোৱা সম্পূৰ্ণ হয় ১২ বছৰ বয়সত। সেই সময়খিনিত ভিতৰৰ তৰপ দুটা পৰিপক্ক হৈ নুঠে, গতিকে দাঁতসমূহ চকচকীয়া বগা হৈ থাকে। কেৱল বাহিৰৰ এনামেল তৰপটো ডাঠ হৈ থাকে। বয়স বাঢ়ি অহাৰ লগে লগে, বিশেষকৈ প্ৰাপ্তবয়স্ক হোৱাৰ পিছত লাহে লাহে ভিতৰৰ তৰপসমূহ ডাঠ হৈ আহে। যাৰ ফলত দাঁতসমূহ অলপমান হালধীয়া হৈ আহে। ইয়াৰ অৰ্থ দাঁতত ৰঙে নধৰে। এইয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া বুলি গণ্য কৰিব পাৰি।
দাঁতত উৎপন্ন হোৱা প্লাক আৰু মুখগহ্বৰৰ বেক্টেৰিয়াসমূহ লগ হৈ দাঁতত এটা তৰপৰ সৃষ্টি কৰে। যাৰ ওপৰত খোৱা বস্তুৰ ৰং নাইবা পানীৰ ৰং আৰু যিসকলে পাণ-তামোল আৰু বিভিন্ন ধৰণৰ মাদক দ্ৰব্য জাতীয় বস্তু ব্যৱহাৰ কৰে সেইবোৰৰ ৰং লাগি দাঁতৰ গুৰিত এক মটীয়া নাইবা ক’লা চেকা বা ৰং বহে। এই ৰং দাঁতোনৰ দ্বাৰা নাযায়। তাৰ কাৰণে স্কেলিং নামৰ চিকিৎসা কৰিবলগীয়া হয়।

এতিয়া আমি দ্বিতীয় প্ৰশ্নৰ ফালে আহো—

খ) মাজে মাজে দাঁতৰ পৰা তেজ ওলায় আৰু বেয়া গোন্ধ ওলায়, লগতে আলুসমূহ ফুলি উঠে। কি বাৰু ?

আগতেই মই আপোনালোকক জনাইছো যে দাঁতোন কৰিলেই আমাৰ দাঁতৰ গুৰি সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ নুঠে। আমাৰ সৰ্বমুঠ ৩২ টা দাঁত সাধাৰণতে ১১ বছৰ বয়সলৈকে ২২ টা দাঁত গজি সম্পূৰ্ণ হয়। কিন্তু কিছু কিছু ক্ষেত্ৰত জ্ঞান দাঁত ওলোৱাৰ সময় ২৫ বছৰলৈকে থাকে। যাৰ ফলত কেতিয়াবা দাঁতৰ একেবাৰে শেষৰ ফালে আলু ফুলি উঠা দেখা যায় আৰু খাদ্যবস্তু জমা হোৱা বাবে বেক্টেৰিয়াৰ সংক্ৰমণ আৰম্ভ হয়। ঠাইখিনি চেপি দিলে নিমখীয়া সোৱাদযুক্ত পনীয়া বস্তু কিছুমান নিঃসৰণ হয়, যাৰ ফলত মুখখনত এক বেয়া গোন্ধ ওলায়। ৰাতিপুৱাৰ লগতে ৰাতিও নিয়মীয়াকৈ দাঁতোন কৰা উচিত। বেছি অসুবিধা অনুভৱ কৰিলে দন্ত চিকিৎসকক দেখুৱাই লোৱা ভাল।
দাঁতৰ আলু ফুলাৰ মূল কাৰণ হৈছে মুখগহ্বৰত বেক্টেৰিয়াৰ সংক্ৰমণ। আমাৰ মুখগহ্বৰত মিলিয়ন বেক্টেৰিয়া থাকে। পুৱা শুই উঠি দাঁতোন নকৰাকৈ যদি আইনাত ওচৰৰ পৰা ভালকৈ আমাৰ দাঁতখিনি নিৰীক্ষণ কৰো, তেতিয়া কিছুমান বগা পদাৰ্থ দাঁতত জমা হোৱা দেখা যায়, যাক প্লাক বুলি কোৱা হয়। এই প্লাকৰ লগত আমাৰ মুখগহ্বৰত থকা বেক্টেৰিয়াসমূহ মিলিত হৈ দাঁতৰ ওপৰত এক প্ৰলেপ পেলায়। ক্ৰমান্বয়ে খোৱাবস্তু নাইবা পানীৰ সংস্পৰ্শত আহি এই প্ৰলেপ ডাঠ হয়। তামোল-পাণ নতুবা নিক’টিন জাতীয় বস্তু সেৱন কৰা অভ্যাসগত লোকসকলৰ ক্ষেত্ৰত এই প্ৰলেপটো আৰু বহুত বেছি ডাঠ হৈ যায়, লগতে মটীয়া নাইবা ক’লা ৰং ধৰে। যাৰ ফলত আমাৰ আলুসমূহ উখহাই পেলায় বা ফুলি যায়। এই স্তৰত যদি আওকাণ কৰা হয়, তেতিয়া দাঁতত বহা এই প্ৰলেপ লাহে লাহে আৰু বেছি ডাঠ হৈ শিলৰ দৰে টান হৈ পৰে। যাৰ ফলত আলুসমূহ Recession হয়, অৰ্থাৎ আলুৰ বিকাশ বন্ধ হৈ যায় আৰু ক্ষয় হৈ তললৈ নামি যায়। এটা সময়ত দাঁতৰ চাৰিওফালে সুৰক্ষাত থকা হাড়বোৰ খহাই পেলায়। অৱশেষত দাঁতসমূহ লৰিবলৈ আৰম্ভ কৰে। মুখৰ পৰা যথেষ্ট দুৰ্গন্ধ ওলাই থাকে, যাক Halotosis বুলি কোৱা হয়। মাজে-সময়ে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা আৰম্ভ কৰে। এই অৱস্থাক পাইৰিয়া বোলা হয়।
বংশানুক্ৰমিকতা এই বেমাৰৰ এটা উল্লেখযোগ্য কাৰণ। ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত এই ৰোগৰ লক্ষণ প্ৰায়ে দেখা যায়। নিতৌ দুবাৰ দাঁতোন অতি প্ৰয়োজন। বিশেষকৈ ৰাতি শোৱাৰ সময়ত দাঁতোন কৰাটো অতি জৰুৰী। দাঁতোন কৰাৰ কিছুমান প্ৰণালী বা পদ্ধতি থাকে। যেনে—
ক) দাঁতোনডাল প্ৰায় ৪৫* কোণত ধৰি দাঁতত বহুৱাই ল’ব লাগে। ওপৰৰ পাৰিৰ দাঁতসমূহ গুৰিৰ পৰা তললৈ দাঁতোন কৰিব লাগে।
খ) ঠিক তেনেদৰে তলৰ পাৰিৰ দাঁতৰ গুৰিত দাঁতোনডাল ৪৫* কোণ বহুৱাই লৈ লাহে লাহে ওপৰলৈ দাঁতোন কৰিব লাগে।
গ) সন্মুখৰ ফালে ঘূৰণীয়াকৈ ঘূৰাই দাঁতোন কৰিব লাগে। দাঁতৰ আলুৰ ওপৰত চুটি কোণীয়া কৰি ব্যৱহাৰ কৰিব লাগে।
ঘ) দাঁত দুপাৰিৰ যি পৃষ্ঠাৰ দ্বাৰা বস্তু চোবোৱা হয় সেই পৃষ্ঠাত অগা-পিছা কৰি দাঁতোন কৰা হয়।
ঙ) মাজে-সময়ে দাঁতৰ মাজত লাগি থকা খাদ্যবস্ত দাঁতোন কৰিলেও সম্পূৰ্ণ পৰিষ্কাৰ হৈ ওলাই নাহে। এনে ক্ষেত্ৰত আমি ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰিবৰ বাবে পৰামৰ্শ দিওঁ। ফ্লছ একপ্ৰকাৰৰ সূতা, যাৰ ওপৰত মমৰ প্ৰলেপ থাকে। যাতে ইয়াক ব্যৱহাৰ কৰাৰ সময়ত আলুত আঘাত পোৱা নাযায়। ইয়াক কি ধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিৰ্দেশনা দিয়া থাকে।
চ) জিভাখন পিছৰ পৰা সন্মুখৰ ফাললৈ পিছলোৱা গতিত দাঁতোন কৰা হয়।
ছ)সাধাৰণতে এডাল দাঁতোন তিনিমাহৰ পিছত সলাব লাগে। কিন্তু আজিকালি দেখা যায় দাঁতোনসমূহৰ Bristle বোৰ যথেষ্ট টান হয় আৰু অতি সোনকালে বহল হৈ যায়। গতিকে সাধাৰণতে চাবলৈ গ’লে এক-ডেৰ মাহৰ মূৰে মূৰে দাঁতোন সলাবলগীয়া হয়। যদি কোনো ব্যক্তিৰ দাঁতত সিৰসিৰণি হোৱা সমস্যা থাকে, তেন্তে এনেকুৱা লোকে দাঁতোন ব্যৱহাৰ কৰা উচিত।
জ) সাধাৰণতে দাঁত মাজিবলৈ ব্যৱহাৰ কৰা টুথপেষ্টৰ ক্ষেত্ৰত কোনো হকা-বাধা নাথাকে। কেৱল পাউদাৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়া হয়। কিয়নো পাউদাৰ ব্যৱহাৰৰ ফলত দাঁত ক্ষয় যোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি যায়। দাঁতৰ সিৰসিৰণিৰ বাবে বিশেষ ধৰণৰ কিছুমান টুথপেষ্ট প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপদেশ দিয়া হয়।
উপৰোক্ত নিয়মসমূহ মানি অনুসৰণ কৰিলে যথেষ্ট উপকৃত হয়। বিশেষকৈ ৰাতি দাঁতোন কৰোতে খুব নিয়াৰিকৈ কৰা উচিত। কিয়নো দিনটো আমি নানা ধৰণৰ খাদ্যবস্তু সংস্পৰ্শলৈ আহো, গতিকে নিশা মুখগহ্বৰ ভালকৈ পৰিষ্কাৰ হৈ থাকিলে বহু ৰোগৰ পৰা উপশম পোৱা যায়। আমাৰ তৃতীয় প্ৰশ্ন এই কথাখিনিৰ লগত জড়িত।

গ) মোৰ দাঁত পোকে খাইছে কিয় বাৰু ?

ইতিমধ্যে মই উল্লেখ কৰিছো যে আমাৰ মুখগহ্বৰ বেক্টেৰিয়াৰ বাসস্থান। এই বেক্টেৰিয়াসমূহে দাঁতত লাগি থকা খাদ্যবস্তুত থকা (কাৰ্বহাইড্ৰেট জাতীয়) এচিডৰ লগত ক্ৰিয়া কৰি দাঁতৰ ক্ষৰণ ৰোগৰ উৎপন্ন কৰে। দাঁতত পোক বুলি একো নাথাকে। ই এক ৰাসায়নিক নতুবা এচিডিক ক্ষৰণ, যাক কেভিটি বোলা হয়।
দ্বিতীয়তে, বংশানুক্ৰমিক হিচাপে এই ৰোগ হোৱা দেখা যায়। বহু ক্ষেত্ৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুখগহ্বৰ নিতৌ পৰিষ্কাৰ কৰাৰ পিছতো ঘনাই আক্ৰান্ত হোৱা দেখা যায়।
অত্যাধিক মিঠা খোৱাৰ ফলতো ক্ষৰণ ৰোগ হোৱা দেখা যায়। মিঠা বস্তুত যথেষ্ঠ পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে, যাৰ ফলত এচিডিক ৰিয়েকচন খুব খৰতকীয়া হয়। মুখৰ লেলাউটি কম পৰিমাণে নিঃসৰণ হ’লেও এনেধৰণৰ ৰোগ হোৱা দেখা যায়। লেলাউটিয়ে মুখগহ্বৰৰ ভিতৰখন চাফা কৰি ৰখাত সহায় কৰে। বহুক্ষেত্ৰত দেখা যায় যে দেহৰ আনুষংগিক কিছুমান ৰোগৰ (Diabetes, Severe Gastritis, Heart Disease etc.) লগতো জড়িত এই ৰোগ। এনেধৰণৰ ৰোগীৰ ক্ষেত্ৰত ক্ষৰণ ৰোগ প্ৰায়ে দেখা যায়।
প্ৰথম অৱস্থাত দাঁতৰ প্ৰথম তৰপ, অৰ্থাৎ এনামেলত এক বিন্দুৰ দৰে উৎপন্ন হয়। সময়ৰ লগে লগে এই মটীয়া ৰঙৰ বিন্দু বাঢ়ি গৈ গাঁতৰ সৃষ্টি কৰি দ্বিতীয় তৰপ, অৰ্থাৎ ডেণ্টিন চোৱে, যাৰ ফলত ৰোগীয়ে দাঁতৰ সিৰসিৰণি অনুভৱ কৰে। ইয়াৰ পিছত দাঁতৰ এটা অংশ কেতিয়াবা নষ্ট হৈ যায় আৰু দাঁতৰ শেষৰ তৰপ, অৰ্থাৎ পাল্প পায়গৈ। যাৰ ফলত অত্যন্ত বিষ আৰম্ভ হয়। কোনো কোনো ক্ষেত্ৰত বিষৰ পৰিমাণ ইমান বেছি হৈ যায় যে মুখগহ্বৰৰ ভিতৰত যিকোনো ঠাইতে বিষাবলৈ আৰম্ভ কৰে, যাক Refered paid বুলি কোৱা হয়। কেতিয়াবা মুখখন ফুলি উঠে আৰু ৰোগীয়ে মেলিবলৈ কষ্ট অনুভৱ কৰে। এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’লে অতিশীঘ্ৰে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সাধাৰণতে শুদ্ধকৈ আৰু নিয়মীয়াভাৱে দাঁতোন কৰি থাকিলে সহজে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়। কিছু কিছু ক্ষেত্ৰত দাঁতোন কৰাৰ পিছত মাউথ ৱাশ্ব কৰিবলৈ উপদেশ দিয়া হয়। এই মাউথ ৱাশ্বসমূহ ফাৰ্মাচীত কিনিবলৈ পোৱা যায়।
একেবাৰে প্ৰথম অৱস্থাত ক্ষৰণ হ’লে ফিলিং কৰি দাঁত সংৰক্ষণ কৰিব পৰা যায়। কিছুমানৰ ক্ষেত্ৰত ৰূট কেনেল চিকিৎসাৰ দ্বাৰাও দাঁত সংৰক্ষণ কৰিব পৰা যায়। এই চিকিৎসাত দাঁতৰ ভিতৰত থকা পাল্প আঁতৰাই দি ফিলিং কৰা হয়। কিন্তু এই চিকিৎসা কৰাৰ আগত এক্স-ৰে’ৰ সহায় লোৱা প্ৰয়োজন। যদি দাঁত এটিৰ প্ৰায় ৭০ শতাংশ পঁচি গৈছে তেন্তে দাঁতটো সৰাই পেলাবৰ বাবে পৰামৰ্শ দিয়া হয়।
আমাৰ খাদ্য তালিকাত বিভিন্ন শাক-পাচলি, ফল-মূল ইত্যাদি থকা প্ৰয়োজন। যিবিলাক খাদ্যৰ পৰা দেহক প্ৰয়োজনীয় ভিটামিন, মিনাৰেলসমূহ আমি যাতে পাওঁ আৰু যাতে ভালকৈ আমি চোবাব পাৰো। ভালকৈ চোবাবলগীয়া খাদ্য খালে আমাৰ দাঁত মজবুত হয়।
গতিকে ইমান দূৰলৈকে নিজক টানি আনিব নালাগে। কিয়নো দাঁত আমাৰ অতি প্ৰয়োজনীয় অংগ। সৰল দাঁতৰ দ্বাৰা খাদ্য চোবোৱাৰ বাবে সুবিধা হয়, যাৰ ফলত খাদ্যবস্তু সোনকালে পচন বা হজম হয়। পেটৰ লগতে আনুষংগিক শাৰীৰিক সমস্যাবোৰো সঠিক হয়, যাৰ ফলত আমি এক সুস্বাস্থ্যৰ অধিকাৰী হওঁ।
সঠিক দাঁতোন পদ্ধতিৰ লগতে যদি আন কিবা অসুবিধা পোৱা যায় তেতিয়া অতিশীঘ্ৰে দন্ত চিকিৎসকৰ কাষ চাপিব লাগে। কাৰণ এটি সুন্দৰ হাঁহিৰ পিছফালে দুপাৰি ধুনীয়া সবল দাঁতৰ যথেষ্ট অৱদান থাকে আৰু এই সুন্দৰ হাঁহিয়ে ব্যক্তি এজনৰ ব্যক্তিত্বত যথেষ্ট প্ৰভাৱ পেলায়।
“ধুনীয়া হাঁহি এক অলংকাৰ
এই অলংকাৰ সামৰি
সুস্থ আৰু সবল হৈ থাকক...”

ডাঃ ৰীতি কৌশিক (লেখক ডেণ্টেল ক্লিনিকেল স্পেচিয়েলিষ্ট)

জনহিতাৰ্থে প্ৰচাৰিত
(বিঃ দ্ৰঃ – আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই নিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।)

16/02/2021

বৃদ্ধাৱস্থাত দাঁতৰ সমস্যা

“অভিজ্ঞ দন্ত চিকিৎসক একোজনে এনেদৰে দন্তহীন মুখত দুপাৰি দাঁত লগাই বৃদ্ধ একোজনক দেখাত সুন্দৰ কৰি তোলাৰ উপৰি আহাৰ সুন্দৰভাৱে চোৱাই খাৱোৰ সুবিধা প্ৰদান কৰিব পৰাও হৈছে।”

আমাৰ মানৱ প্ৰজাতিৰ প্ৰতিজন ব্যক্তিয়েই দুপাৰি দাঁতৰ অধিকাৰী। দুপাৰি সু-আকৃতিৰ, সমান আৰু সুন্দৰ চিকচিকীয়া বগা ৰঙৰ দাঁতে ব্যক্তি একোগৰাকীৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব প্ৰকাশত বিপুল অৰিহণা যোগায়। ইয়াৰ বিপৰীতে দাঁতৰ গঠন যদি সুগঠিত নহয়, দাঁতসমূহৰ আকাৰ যদি ভিন্ন ধৰণৰ, অৰ্থাৎ সৰু-ডাঙৰ অথবা বেঁকা-বেঁকি বা উজলা প্ৰকৃতিৰ হয়, তেন্তে তেনে দন্তবিন্যাসে ব্যক্তি একোগৰাকীৰ সৌন্দৰ্য প্ৰকাশত ব্যাঘাত জন্মায়। দাঁত অৱশ্যে যেনে ৰূপৰে নহওঁক কিয়, ইবিলাকৰ মুখ্য কাম হৈছে আমি গ্ৰহণ কৰা খাদ্যসমূহক ভাঙি সৰু কৰি হজমৰ উপয়োগী কৰি তোলা। পনীয়া বস্তুৰ কথা বাৰু বাদ, কিন্তু গোটা বস্তু মাত্ৰেই চোবাই খোৱাটো বাধ্যতামূলক। কিয়নো খাদ্য চোবাই হজমৰ উপযোগী কৰা নহ’লে তেনেদৰে খোৱা আহাৰৰ বাবে বদহজমৰ ৰোগত ভোগাৰ উপৰি দেহে প্ৰাপ্য ক্ষমতা লাভৰ পৰা বঞ্চিত হোৱাৰ ফলত সততে ৰুগীয়া হৈ পৰিব লগা হয়। মন কৰিব লগা যে উজলা আৰু বিষম দন্তবিন্যাস থকা দাঁতৰ লোকসকল দাঁত ভালে ৰখাৰ বাবে বেছি যত্নপৰ হোৱাৰ প্ৰয়োজন থাকে। কাৰণ এনেধৰণৰ দাঁত থাকিলে সঠিকভাৱে দাঁতত দাঁতোন কৰাটো সম্ভৱ হৈ নুঠে। ফলত দাঁতৰ গুৰিত আবদ্ধ হৈ থকা খাদ্যকণা বেক্টেৰিয়াৰ সান্নিধ্যত পঁচি দাঁতত পচন কাৰ্য (dental carries) বা দাঁত পোকে খোৱা ৰোগৰ উদ্ৰেক কৰাৰ স্থল থাকে। সেইয়ে তেনে লোকে দন্তক্ষয় ৰোধৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা দৰকাৰ হৈ পৰে।
এইটো উল্লেখ কৰি অহা হৈছেই যে আমাৰ দাঁতৰ প্ৰধান কাম হৈছে খাদ্যবস্তুবোৰ চোবাই ভাঙি সৰু সৰু কণাত পৰিণত কৰি তোলা। সেই মিহি খাদ্যকণা লালটিৰ লগ লাগি জিভা আৰু মাংসপেশীৰ মন্থনৰ পিছত এটা পিণ্ডত পৰিণত হৈ উঠে। তাৰ পিছত সেইখিনি খাদ্যনলীত সোমাই পৰে। তেতিয়া বিভিন্ন পাচক ৰসৰ সহায়ত সিবিলাক অন্ত্ৰত হজম হোৱাৰ পিছত দেহে শক্তি আৰু শাৰীৰিক উৎকৰ্ষ সাধনত লগা উপাদানসমূহ লাভ কৰে। সেইয়ে চৰ্বন কাৰ্য যথাৰ্থ নহ’লে দেহে খাদ্যৰ পৰা যথাৰ্থ উপকাৰ পোৱাটোও সম্ভৱ হৈ নুঠে। পৰিতাপৰ বিষয় যে আমি আগ বয়সত দাঁতৰ প্ৰতি যত্নপৰ নোহোৱাত ভাটি বয়সত দাঁতৰ নানা সমস্যাত ভোগাৰ লগতে অসময়তে দাঁতকেইটা হেৰুৱাই বিভিন্ন দিশৰ সমস্যাত ভুগিব লগাও হয়। অন্য সমস্যাৰ কথা বাদ দিলেও কিন্তু দাঁত নাথাকিলে খাই ভাল পোৱা কঠিন বস্তু, যেনে- কুঁহিয়াৰ, শুকান ফল-মূল, তামোল, নাৰিকল বা মাংস আদি খাব নোৱাৰা হৈ অসন্তুষ্ট হৈ পৰিব লগা হোৱা বা লোভ সামৰিব নোৱাৰি টান বস্তু খোৱাৰ বাবে সঘনাই পেটৰ অসুখত ভোগা লোকৰ কথা উল্লেখ কৰিব লাগিব। সেইয়েহে উঠি অহা প্ৰজন্ম যাতে সময়ত প্ৰৌঢ়সকলৰ দৰে সমস্যাত ভুগিব লগা নহয় তাৰ বাবে সৰু অৱস্থাৰ পৰা দাঁত ৰক্ষাৰ প্ৰতি যত্নপৰ হোৱাটো অত্যন্ত জৰুৰী। এনে দিশত অভিভাৱকসকল বিশেষভাৱে সচেতন হোৱাটো অৱধাৰিত। দাঁতৰ সুৰক্ষাৰ বাবে অন্য নহ’লেও অন্ততঃ পুৱা আৰু ৰাতি (খোৱাৰ পিছত) নিজৰ দাঁতকেইটা ভালকৈ দাঁতোন কৰি দাঁতৰ ফাঁক আৰু গুৰি অংশ পৰিষ্কাৰ কৰোৱাৰ উপায় কৰিলেও হ’ব। তেনেকৈ উজলা দাঁত থকা শিশুসকলক অভিজ্ঞ দন্ত চিকিৎসকৰ ওচৰলৈ নি পোনোৱাৰ উপায় কৰিব পাৰিলে তেওঁলোকো সমস্যামুক্ত হ’ব।
বৃদ্ধাৱস্থাত দাঁতক লৈ হোৱা সমস্যাসমূহৰ ভিতৰত ইয়াৰ সিৰসিৰণি হৈছে অন্যতম। দাঁতৰ সিৰসিৰণিৰ মূল কাৰণ দাঁতৰ সংবেদনশীল ডেণ্টিন অংশ দন্তক্ষয় বা ডেণ্টেল কেৰিজৰ পিছত কিবা প্ৰকাৰে উন্মুক্ত হৈ পৰি বায়ু বা পানীৰ সংস্পৰ্শলৈ অহা বুলি কোৱা হয়। আমাৰ দাঁতবোৰ প্ৰধানকৈ দুটা অংশত বিভক্ত— ক্ৰাউন (Crown) আৰু মূল (Root)। ক্ৰাউনক এনামেল (Enamel) নামৰ টান আৱৰণেৰে আৰু তেনেকৈ মূলক চিমেণ্টাম (Cementum) নামৰ অংশৰে আৱৰি ৰাখে। আনফালে দাঁতবোৰ চাৰি প্ৰকাৰ কলাৰ দ্বাৰা গঠিত। ইয়াৰ এনামেল, চিমেণ্টাম আৰু ডেণ্টিন কঠিন পেশীৰে গঠিত হোৱাৰ বিপৰীতে মূল অংশ কোমল পেশীৰে গঠিত। লক্ষণীয় যে ডেণ্টিন চিমেণ্টাম অংশ অতি সংবেদনশীল, কিন্তু এনামেল অংশ অসংবেদনশীল। এনামেল কঠিন যদিও ভংগুৰ প্ৰকৃতিৰ হোৱাত কঠিন বস্তুৰ লগত জোৰত খুন্দা লাগিলে, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ’লে বা দীৰ্ঘদিন চৰ্বন কাৰ্যত নিয়োজিত হৈ থকাৰ হেতুকে ক্ষয়প্ৰাপ্ত হোৱাটো সম্ভৱ হৈ উঠে। উল্লিখিত কাৰণৰ উপৰি কেৰিজ বা পোকে খোৱা কাৰ্যৰ দ্বাৰা এনামেল অংশ ক্ষয়প্ৰাপ্ত হৈ উঠাৰ পিছত পানী, আনকি বায়ুৰ সংস্পৰ্শলৈ আহিলেই সংবেদনশীলতাৰ হেতুকে সিৰসিৰণি আৰু বিষৰ উদয় হয়। কেতিয়াবা অৱস্থাৰ অৱনতি ঘটি মানুহে আহাৰ-পানী গ্ৰহণক লৈ বিৰাট সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কেৰিজৰ ফলত সৃষ্ট গাঁতবোৰত খাদ্য অথবা আঁহ আদি সোমালে অত্যন্ত বিষ অনুভৱ হয়। গতিকে এনে অৱস্থাৰ উদ্ভৱ হ’লে দন্ত চিকিৎসকৰ ওচৰ চপাত হেলা কৰিব নালাগে। দন্ত চিকিৎসকে তেনে দাঁত পৰীক্ষাৰ পিছত ঔষধ প্ৰয়োগৰ দ্বাৰা বিষৰ উপশম ঘটাই প্ৰয়োজন বিশেষে দাঁত উঠোৱাৰ বা মেৰামতি কৰাৰ উপায় কৰে। বহুতো সময়ত সম্ভৱ সাপেক্ষে কেৰিজ অংশ পৰিষ্কাৰ কৰি উঠি বিশেষ চিমেণ্টজাতীয় দ্ৰব্যৰ দ্বাৰা গাঁত অংশ পূৰাই সমস্যামুক্ত কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা দেখা যায়। তেনে কৰাটো সম্ভৱ নহ’লে ৰূট কেনেল ট্ৰীটমেণ্ট (Root Cannel Treatment)- সংক্ষেপে (RCT) নামৰ বিশেষ ব্যৱস্থাৰে দাঁতৰ বিষ দূৰ কৰি উঠি কেৰিজ অংশ চিমেণ্টৰ জৰিয়তে পূৰাই সমস্যা দূৰ কৰাৰ উপায় কৰাও কাৰ্যতঃ পৰিলক্ষিত হয়।
উল্লেখযোগ্য, আজিকালি দাঁত সৰি সোলা হোৱা লোককো দুপাৰি সুন্দৰ আৰু সমাকাৰৰ কৃত্ৰিম দাঁত আটিলভাৱে লগাই বৃদ্ধ একোজনক সুগঢ়ী কৰি তুলিব পৰাৰ উপায়ো ওলাইছে। অভিজ্ঞ দন্ত চিকিৎসকে একোজন এনেদৰে দন্তহীন মুখত দাঁত লগাই বৃদ্ধ একোজনক দেখাত সুন্দৰ কৰি তোলাৰ উপৰি আহাৰ সুন্দৰভাৱে চোৱাই খোৱাৰ সুবিধা প্ৰদান কৰিব পৰাও হৈছে। এনে ব্যৱস্থাৰ বাহিৰেও আংশিকভাৱে সৰা দাঁতৰ ঠাইত যথোচিত কৃত্ৰিম দাঁত প্ৰতিষ্ঠাপন কৰি বহু লোকৰে সমস্যা দূৰ কৰিব পৰা হৈছে। সমান্তৰালভাৱে দাঁতৰ স্বাভাৱিক দন্তক্ষয় ৰোধ কৰাৰ বাবে ক্ষয়প্ৰাপ্ত দাঁতৰ ওপৰত একোটা কৃত্ৰিম ধাতৱীয় অথবা অধাতৱীয় পদাৰ্থৰ ঢাকোন লগাই দুৰ্বল দাঁতক দীৰ্ঘদিনলৈ স্থায়ী ৰূপ প্ৰদান কৰাৰ উপায়ো কৰিব পৰা হৈছে। এই ব্যৱস্থাক সহজ অৰ্থত কেপিং বুলি কোৱা হয়। এইদৰে দেখা যায় যে আজি অৰ্থ আৰু মন থাকিলে বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত দাঁতৰ সকলো প্ৰকাৰৰ সমস্যা দূৰ কৰাটো বাস্তৱত সম্ভৱ হৈ উঠিছে। সেইয়ে হ’লেও অৱশ্যে এইটো অনস্বীকাৰ্য যে সৰুৰে পৰা দাঁতৰ সুৰক্ষাৰ বাবে লোৱা সতৰ্কতা তথা যতনৰ দ্বাৰা বৃদ্ধাৱস্থাত দাঁতৰ সমস্যা বহুখিনি লাঘৱ কৰাৰ অৱকাশ থাকে।
অৰ্পণ দত্ত

16/02/2021

শৈশৱৰ পৰাই দাঁতৰ যতন লওক

অভিভাৱকসকলে শিশু অৱস্থাতে ল’ৰা-ছোৱালীৰ দাঁতৰ চাফ-চিকুণতাৰ প্ৰতি সজাগ মনোভাৱ গঢ়ি তুলিব পাৰে। শিশুটিৰ দাঁত গজিবলৈ আৰম্ভ কৰাৰ লগে লগেই কোমল কাপোৰেৰে দাঁত চাফা কৰি দিয়াৰ অভ্যাস কৰিব লাগে। শিশুটিৰ এবছৰ বয়স হ’লে কোমল দাঁতোনৰ (বেবী টুথব্ৰাছ) সহায়ত দাঁত চাফা কৰি দিব লাগে। তিনি-চাৰি বছৰমান বয়সৰ পৰা শিশুটিক দাঁতোন কৰিবলৈ শিকাব লাগে। শিশুটিয়ে প্ৰথম অৱস্থাত দাঁতোন কৰাৰ সঠিক নিয়ম-প্ৰণালী নাজানিব পাৰে, এনেক্ষেত্ৰত অভিভাৱকে মনোযোগ দিব লাগে। ৰাতি আহাৰ খোৱাৰ পিছত দাঁতোন কৰি শুবলৈ যোৱাৰ অভ্যাস শিকোৱাটো মাক-দেউতাকৰ কৰ্তব্য। কাৰণ সন্তানে সদায়ে মাক-দেউতাকৰ আচাৰ-ব্যৱহাৰ, চাল-চলন, কথা-বতৰা, অভ্যাস আদি অনুসৰণ কৰে। ইয়াৰোপৰি শিশু অৱস্থাত সন্তানক শুৱাই থোৱাৰ সময়ত নাইবা মাজৰাতি সাৰ পাৰে শিশুটিৰ মুখত গাখীৰৰ বটল গুজি দিয়া বা স্তনপান কৰোৱাৰ অভ্যাস মাতৃসকলে ত্যাগ কৰিব লাগে। মিঠা বস্তু খোৱাৰ পিছত শিশুটিক অলপ পানী খাবলৈ দিয়া উচিত।
দাঁতৰ আকাৰ আৰু গঠনৰ কাৰণে শিশুৰ দাঁত অতি সোনকালে দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। বিশেষকৈ গাখীৰ খাই থকা শিশুৰ নাৰ্ছিং বটল কেৰিজ আৰু ৰেমপাণ্ট কেৰিজ বোলা দ্ৰুত গতিত বঢ়া একপ্ৰকাৰৰ দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এই দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে গাখীৰ খোৱা দাঁতবোৰ অতি কম দিনৰ ভিতৰতে ক’লা পৰি ক্ষয় হৈ নাইকিয়া হৈ পৰে, মাথোঁ দাঁতৰ গুৰিটোহে দাঁতৰ আলুত সোমাই যায়। দিন যোৱাৰ লগে লগে এনেদৰে দাঁত মাৰিত সোমাই ৰোৱা দাঁতৰ গুৰিবোৰ কেতিয়াবা আলু ফালি বাহিৰ হৈ ওলাই আহে। বহুতো অভিভাৱকে এনেকুৱা আলু ফালি ওলাই অহা দাঁতৰ শিপাক নতুন দাঁত বুলি ভুল কৰে। এনে দাঁতৰ শিপাই আলু বা মাৰি কাটি ঘাৰ সৃষ্টি কৰিব পাৰে। এনে অৱস্থাত দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ, ৰৈ যোৱা গুৰিটো উঠাই পেলাব লাগে।
শিশুটিৰ খাদ্য তালিকাত দাঁতৰ বাবে প্ৰয়োজনীয় খাদ্য, যেনে- কেলচিয়াম, ফছফৰাছ, ভিটামিন-এ, ডি আৰু চি যুক্ত খাদ্য যেনে- ফল-মূল, সেউজীয়া শাক-পাচলি, কণী, মাছ, মাংস গাখীৰ আদি অন্তৰ্ভুক্ত কৰিব লাগে। চেনিযুক্ত আঠালেতীয়া খাদ্য, যেনে— চকলেট, মৰ্টন, টফী, আইচক্ৰীম, মিঠাই আৰু শীতল পানীয় আদি শিশুক পৰাপক্ষত নিদিয়াই ভাল আৰু দিলেও কম পৰিমাণে দিব লাগে। সৰু ল’ৰা-ছোৱালীয়ে চকলেট, মৰ্টন, টফী, মিঠাই আদি খাবই, ইয়াক বাধা দি ৰাখিব নোৱাৰি, কেৱল মাক-দেউতাক এইক্ষেত্ৰত সাৱধান হ’ব লাগে। যেতিয়াই-তেতিয়াই চকলেট, মৰ্টন বা মিঠা বস্তু খোৱাটো সন্তানৰ অভ্যাসত পৰিণত নহয় আৰু এনেধৰণৰ মিঠা খাদ্য খোৱাৰ পিছত সন্তানে যাতে ভালদৰে মুখখন কুলকুলি কৰি পৰিষ্কাৰ কৰে।
পিতৃ-মাতৃয়ে সময়ে সময়ে সন্তানৰ দাঁতবোৰ নিৰীক্ষণ কৰি থাকিব লাগে। শিশুটিৰ দাঁতৰ কিবা সমস্যা হ’লে লগে লগে দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। সময়ত পৰামৰ্শ ল’লে বহু ক্ষেত্ৰত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

ডাঃ ৰুবী কটকী

12/02/2021

বৃদ্ধাৱস্থাত দাঁতৰ সমস্যা

“অভিজ্ঞ দন্ত চিকিৎসক একোজনে এনেদৰে দন্তহীন মুখত দুপাৰি দাঁত লগাই বৃদ্ধ একোজনক দেখাত সুন্দৰ কৰি তোলাৰ উপৰি আহাৰ সুন্দৰভাৱে চোৱাই খাৱোৰ সুবিধা প্ৰদান কৰিব পৰাও হৈছে।”

আমাৰ মানৱ প্ৰজাতিৰ প্ৰতিজন ব্যক্তিয়েই দুপাৰি দাঁতৰ অধিকাৰী। দুপাৰি সু-আকৃতিৰ, সমান আৰু সুন্দৰ চিকচিকীয়া বগা ৰঙৰ দাঁতে ব্যক্তি একোগৰাকীৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব প্ৰকাশত বিপুল অৰিহণা যোগায়। ইয়াৰ বিপৰীতে দাঁতৰ গঠন যদি সুগঠিত নহয়, দাঁতসমূহৰ আকাৰ যদি ভিন্ন ধৰণৰ, অৰ্থাৎ সৰু-ডাঙৰ অথবা বেঁকা-বেঁকি বা উজলা প্ৰকৃতিৰ হয়, তেন্তে তেনে দন্তবিন্যাসে ব্যক্তি একোগৰাকীৰ সৌন্দৰ্য প্ৰকাশত ব্যাঘাত জন্মায়। দাঁত অৱশ্যে যেনে ৰূপৰে নহওঁক কিয়, ইবিলাকৰ মুখ্য কাম হৈছে আমি গ্ৰহণ কৰা খাদ্যসমূহক ভাঙি সৰু কৰি হজমৰ উপয়োগী কৰি তোলা। পনীয়া বস্তুৰ কথা বাৰু বাদ, কিন্তু গোটা বস্তু মাত্ৰেই চোবাই খোৱাটো বাধ্যতামূলক। কিয়নো খাদ্য চোবাই হজমৰ উপযোগী কৰা নহ’লে তেনেদৰে খোৱা আহাৰৰ বাবে বদহজমৰ ৰোগত ভোগাৰ উপৰি দেহে প্ৰাপ্য ক্ষমতা লাভৰ পৰা বঞ্চিত হোৱাৰ ফলত সততে ৰুগীয়া হৈ পৰিব লগা হয়। মন কৰিব লগা যে উজলা আৰু বিষম দন্তবিন্যাস থকা দাঁতৰ লোকসকল দাঁত ভালে ৰখাৰ বাবে বেছি যত্নপৰ হোৱাৰ প্ৰয়োজন থাকে। কাৰণ এনেধৰণৰ দাঁত থাকিলে সঠিকভাৱে দাঁতত দাঁতোন কৰাটো সম্ভৱ হৈ নুঠে। ফলত দাঁতৰ গুৰিত আবদ্ধ হৈ থকা খাদ্যকণা বেক্টেৰিয়াৰ সান্নিধ্যত পঁচি দাঁতত পচন কাৰ্য (dental carries) বা দাঁত পোকে খোৱা ৰোগৰ উদ্ৰেক কৰাৰ স্থল থাকে। সেইয়ে তেনে লোকে দন্তক্ষয় ৰোধৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা দৰকাৰ হৈ পৰে।
এইটো উল্লেখ কৰি অহা হৈছেই যে আমাৰ দাঁতৰ প্ৰধান কাম হৈছে খাদ্যবস্তুবোৰ চোবাই ভাঙি সৰু সৰু কণাত পৰিণত কৰি তোলা। সেই মিহি খাদ্যকণা লালটিৰ লগ লাগি জিভা আৰু মাংসপেশীৰ মন্থনৰ পিছত এটা পিণ্ডত পৰিণত হৈ উঠে। তাৰ পিছত সেইখিনি খাদ্যনলীত সোমাই পৰে। তেতিয়া বিভিন্ন পাচক ৰসৰ সহায়ত সিবিলাক অন্ত্ৰত হজম হোৱাৰ পিছত দেহে শক্তি আৰু শাৰীৰিক উৎকৰ্ষ সাধনত লগা উপাদানসমূহ লাভ কৰে। সেইয়ে চৰ্বন কাৰ্য যথাৰ্থ নহ’লে দেহে খাদ্যৰ পৰা যথাৰ্থ উপকাৰ পোৱাটোও সম্ভৱ হৈ নুঠে। পৰিতাপৰ বিষয় যে আমি আগ বয়সত দাঁতৰ প্ৰতি যত্নপৰ নোহোৱাত ভাটি বয়সত দাঁতৰ নানা সমস্যাত ভোগাৰ লগতে অসময়তে দাঁতকেইটা হেৰুৱাই বিভিন্ন দিশৰ সমস্যাত ভুগিব লগাও হয়। অন্য সমস্যাৰ কথা বাদ দিলেও কিন্তু দাঁত নাথাকিলে খাই ভাল পোৱা কঠিন বস্তু, যেনে- কুঁহিয়াৰ, শুকান ফল-মূল, তামোল, নাৰিকল বা মাংস আদি খাব নোৱাৰা হৈ অসন্তুষ্ট হৈ পৰিব লগা হোৱা বা লোভ সামৰিব নোৱাৰি টান বস্তু খোৱাৰ বাবে সঘনাই পেটৰ অসুখত ভোগা লোকৰ কথা উল্লেখ কৰিব লাগিব। সেইয়েহে উঠি অহা প্ৰজন্ম যাতে সময়ত প্ৰৌঢ়সকলৰ দৰে সমস্যাত ভুগিব লগা নহয় তাৰ বাবে সৰু অৱস্থাৰ পৰা দাঁত ৰক্ষাৰ প্ৰতি যত্নপৰ হোৱাটো অত্যন্ত জৰুৰী। এনে দিশত অভিভাৱকসকল বিশেষভাৱে সচেতন হোৱাটো অৱধাৰিত। দাঁতৰ সুৰক্ষাৰ বাবে অন্য নহ’লেও অন্ততঃ পুৱা আৰু ৰাতি (খোৱাৰ পিছত) নিজৰ দাঁতকেইটা ভালকৈ দাঁতোন কৰি দাঁতৰ ফাঁক আৰু গুৰি অংশ পৰিষ্কাৰ কৰোৱাৰ উপায় কৰিলেও হ’ব। তেনেকৈ উজলা দাঁত থকা শিশুসকলক অভিজ্ঞ দন্ত চিকিৎসকৰ ওচৰলৈ নি পোনোৱাৰ উপায় কৰিব পাৰিলে তেওঁলোকো সমস্যামুক্ত হ’ব।
বৃদ্ধাৱস্থাত দাঁতক লৈ হোৱা সমস্যাসমূহৰ ভিতৰত ইয়াৰ সিৰসিৰণি হৈছে অন্যতম। দাঁতৰ সিৰসিৰণিৰ মূল কাৰণ দাঁতৰ সংবেদনশীল ডেণ্টিন অংশ দন্তক্ষয় বা ডেণ্টেল কেৰিজৰ পিছত কিবা প্ৰকাৰে উন্মুক্ত হৈ পৰি বায়ু বা পানীৰ সংস্পৰ্শলৈ অহা বুলি কোৱা হয়। আমাৰ দাঁতবোৰ প্ৰধানকৈ দুটা অংশত বিভক্ত— ক্ৰাউন (Crown) আৰু মূল (Root)। ক্ৰাউনক এনামেল (Enamel) নামৰ টান আৱৰণেৰে আৰু তেনেকৈ মূলক চিমেণ্টাম (Cementum) নামৰ অংশৰে আৱৰি ৰাখে। আনফালে দাঁতবোৰ চাৰি প্ৰকাৰ কলাৰ দ্বাৰা গঠিত। ইয়াৰ এনামেল, চিমেণ্টাম আৰু ডেণ্টিন কঠিন পেশীৰে গঠিত হোৱাৰ বিপৰীতে মূল অংশ কোমল পেশীৰে গঠিত। লক্ষণীয় যে ডেণ্টিন চিমেণ্টাম অংশ অতি সংবেদনশীল, কিন্তু এনামেল অংশ অসংবেদনশীল। এনামেল কঠিন যদিও ভংগুৰ প্ৰকৃতিৰ হোৱাত কঠিন বস্তুৰ লগত জোৰত খুন্দা লাগিলে, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ’লে বা দীৰ্ঘদিন চৰ্বন কাৰ্যত নিয়োজিত হৈ থকাৰ হেতুকে ক্ষয়প্ৰাপ্ত হোৱাটো সম্ভৱ হৈ উঠে। উল্লিখিত কাৰণৰ উপৰি কেৰিজ বা পোকে খোৱা কাৰ্যৰ দ্বাৰা এনামেল অংশ ক্ষয়প্ৰাপ্ত হৈ উঠাৰ পিছত পানী, আনকি বায়ুৰ সংস্পৰ্শলৈ আহিলেই সংবেদনশীলতাৰ হেতুকে সিৰসিৰণি আৰু বিষৰ উদয় হয়। কেতিয়াবা অৱস্থাৰ অৱনতি ঘটি মানুহে আহাৰ-পানী গ্ৰহণক লৈ বিৰাট সমস্যাৰ সন্মুখীন হ’ব লগা হয়। কেৰিজৰ ফলত সৃষ্ট গাঁতবোৰত খাদ্য অথবা আঁহ আদি সোমালে অত্যন্ত বিষ অনুভৱ হয়। গতিকে এনে অৱস্থাৰ উদ্ভৱ হ’লে দন্ত চিকিৎসকৰ ওচৰ চপাত হেলা কৰিব নালাগে। দন্ত চিকিৎসকে তেনে দাঁত পৰীক্ষাৰ পিছত ঔষধ প্ৰয়োগৰ দ্বাৰা বিষৰ উপশম ঘটাই প্ৰয়োজন বিশেষে দাঁত উঠোৱাৰ বা মেৰামতি কৰাৰ উপায় কৰে। বহুতো সময়ত সম্ভৱ সাপেক্ষে কেৰিজ অংশ পৰিষ্কাৰ কৰি উঠি বিশেষ চিমেণ্টজাতীয় দ্ৰব্যৰ দ্বাৰা গাঁত অংশ পূৰাই সমস্যামুক্ত কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা দেখা যায়। তেনে কৰাটো সম্ভৱ নহ’লে ৰূট কেনেল ট্ৰীটমেণ্ট (Root Cannel Treatment)- সংক্ষেপে (RCT) নামৰ বিশেষ ব্যৱস্থাৰে দাঁতৰ বিষ দূৰ কৰি উঠি কেৰিজ অংশ চিমেণ্টৰ জৰিয়তে পূৰাই সমস্যা দূৰ কৰাৰ উপায় কৰাও কাৰ্যতঃ পৰিলক্ষিত হয়।
উল্লেখযোগ্য, আজিকালি দাঁত সৰি সোলা হোৱা লোককো দুপাৰি সুন্দৰ আৰু সমাকাৰৰ কৃত্ৰিম দাঁত আটিলভাৱে লগাই বৃদ্ধ একোজনক সুগঢ়ী কৰি তুলিব পৰাৰ উপায়ো ওলাইছে। অভিজ্ঞ দন্ত চিকিৎসকে একোজন এনেদৰে দন্তহীন মুখত দাঁত লগাই বৃদ্ধ একোজনক দেখাত সুন্দৰ কৰি তোলাৰ উপৰি আহাৰ সুন্দৰভাৱে চোৱাই খোৱাৰ সুবিধা প্ৰদান কৰিব পৰাও হৈছে। এনে ব্যৱস্থাৰ বাহিৰেও আংশিকভাৱে সৰা দাঁতৰ ঠাইত যথোচিত কৃত্ৰিম দাঁত প্ৰতিষ্ঠাপন কৰি বহু লোকৰে সমস্যা দূৰ কৰিব পৰা হৈছে। সমান্তৰালভাৱে দাঁতৰ স্বাভাৱিক দন্তক্ষয় ৰোধ কৰাৰ বাবে ক্ষয়প্ৰাপ্ত দাঁতৰ ওপৰত একোটা কৃত্ৰিম ধাতৱীয় অথবা অধাতৱীয় পদাৰ্থৰ ঢাকোন লগাই দুৰ্বল দাঁতক দীৰ্ঘদিনলৈ স্থায়ী ৰূপ প্ৰদান কৰাৰ উপায়ো কৰিব পৰা হৈছে। এই ব্যৱস্থাক সহজ অৰ্থত কেপিং বুলি কোৱা হয়। এইদৰে দেখা যায় যে আজি অৰ্থ আৰু মন থাকিলে বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত দাঁতৰ সকলো প্ৰকাৰৰ সমস্যা দূৰ কৰাটো বাস্তৱত সম্ভৱ হৈ উঠিছে। সেইয়ে হ’লেও অৱশ্যে এইটো অনস্বীকাৰ্য যে সৰুৰে পৰা দাঁতৰ সুৰক্ষাৰ বাবে লোৱা সতৰ্কতা তথা যতনৰ দ্বাৰা বৃদ্ধাৱস্থাত দাঁতৰ সমস্যা বহুখিনি লাঘৱ কৰাৰ অৱকাশ থাকে।

ডাক্তৰ মোৰ দাঁতটো উঠাই দিয়ক‘Painless removal of the tooth is called Extraction’ সাধাৰণতে আমি দন্ত চিকিৎসকসকলে দাঁত এটা উ...
24/11/2020

ডাক্তৰ মোৰ দাঁতটো উঠাই দিয়ক

‘Painless removal of the tooth is called Extraction’
সাধাৰণতে আমি দন্ত চিকিৎসকসকলে দাঁত এটা উঠোৱাৰ পৰামৰ্শ নিদি দাঁতটো সংৰক্ষণ কৰিবলৈ যত্ন কৰো। মাতৃগৰ্ভৰ পৰা লাহে লাহে বাঢ়ি অহা দাঁতৰ কলিটো এটা সুস্থ দাঁতৰ ৰূপ লয় আৰু এটা সুস্থ দাঁত এজন সুস্থ নিৰোগী লোকৰ কাৰণ। দাঁত সুস্থ আৰু মজবুত হ’লেহে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি। কিন্তু কিছু ক্ষেত্ৰত দাঁত উঠাবলৈ পৰামৰ্শ দিয়া হয়।
বিভিন্ন কাৰণত দাঁত এটা উঠোৱা হয় যদিও এজন দন্ত চিকিৎসকে পৰাপক্ষত দাঁতটো সংৰক্ষণ কৰিবলৈ চেষ্টা কৰে। দাঁত উঠোৱাৰ কাৰণসমূহ থূলমুলকৈ তলত আলোচনা কৰা হ’ল—

• ভাৰতত দাঁত উঠোৱাৰ মূল কাৰণ পেৰিঅ’ডেণ্টেল ৰোগ বা দাঁতৰ আলু, হাড় ইত্যাদিৰ ৰোগ।
• দাঁতৰ ক্ষৰণ ৰোগো দাঁত উঠাবলগীয়া হোৱাৰ এটা মূল কাৰণ। অতি বেছি ক্ষৰণ হোৱা দাঁত এটা সংৰক্ষণ কৰিবৰ একো উপায় নাথাকে।
• বেয়া দাঁত এটা অথবা দাঁতৰ পাল্প অংশ যেতিয়া একেবাৰে বেয়া হৈ ‘ৰূট কেনেল ট্ৰীটমেণ্ট’ (RCT) চিকিৎসা কৰিবৰ কোনো ব্যৱস্থা নাথাকে, তেতিয়া দাঁতটো উঠাই পেলোৱা হয়। পাল্পবোৰ যেতিয়া অধিক সংক্ৰমণ হৈ ‘পেৰিএপিকেল’ ৰোগ হয় তেতিয়া আনকি ‘এণ্ডোডণ্টিক’ পদ্ধতিৰেও চিকিৎসা কৰিব পৰা নাযায়। তেতিয়া দন্ত চিকিৎসকে দাঁত উঠাবলৈ বাধ্য হৈ পৰে।
• যিবিলাক দাঁত অৰ্থডণ্টিক প্ৰক্ৰিয়াৰ সহায়ত নতুনকৈ শ্ৰেণীবদ্ধ (Alignment) কৰিব পৰা নাযায় সেইবোৰ দাঁত উঠাবলগীয়া হৈ পৰে।
• ‘ছুপাৰনিউমেৰাৰী’ দাঁত অথবা অপ্ৰয়োজনীয় দাঁত উঠোৱাৰ বাহিৰে বিকল্প নাথাকে।
• যিবোৰ দাঁতৰ শিপা (Root) ভাঙি থাকে সেইবোৰ দাঁত উঠোৱাৰ প্ৰয়োজন আহি পৰে।
• বয়সস্থ লোক এগৰাকী যেতিয়া সংক্ৰমিত শিপা (Infected Root) লৈ আমাৰ ওচৰলৈ আহে তেতিয়া দাঁতটো উঠাই দিয়া হয়।
• যিবোৰ দাঁত আঘাতপ্ৰাপ্ত হয় বিভিন্ন কাৰণত আৰু সেই আঘাত আনকি অৰ্থডণ্টিক পদ্ধতিয়েও ঠিক কৰিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত দাঁতটো উঠাই দিয়া হয়।
• যিবোৰ দাঁতৰ হাড় সম্পৰ্কীয় সমস্যা, যেনে— অষ্টেঅ’মায়েলাইটিছ (Osteomyelitis) অথবা বিভিন্ন কাৰণত হাড় ফুলি যায়, যাক আমি নেঅ’প্লাজম (Neoplasm) বুলি কওঁ, তেনে দাঁত উঠাই পেলোৱা হয়।
• দন্তজনিতচিষ্টযুক্ত (Denigerous cyst) দাঁত উঠাই পেলোৱা হয়, যাতে চিষ্টটোও আঁতৰাই পেলাব পাৰি।
• ৰেডিয়েচন থেৰাপী দিয়া কেন্সাৰ ৰোগী এজনৰ ক্ষেত্ৰত বেয়া দাঁত এটা উঠাই পেলোৱাৰ পৰামৰ্শ দিয়া হয়।
• যিবোৰ দাঁতে আন কিছুমান প্ৰণালীবদ্ধ ৰোগৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে, যেনে— ছাল সম্পৰ্কীয় ঘা, হৃদযন্ত্ৰৰ কিছুমান ৰোগ যেনে— এণ্ডোকাৰডাইটিছ, অকাৰণীয় মুখগহ্বৰৰ বিষ, ৰিউমেটিক ৰোগ আৰু বৃক্কৰ সংক্ৰমণ, তেনে ক্ষেত্ৰত সেই দাঁত উঠাই দিয়া হয়।
দাঁত এটা উঠোৱাৰ আগত কিছুমান কথালৈ লক্ষ্য কৰা হয়। যিবোৰৰ কাৰণে দাঁতটো উঠোৱাত কিছুমান বাধা আহি পৰে। সেই কাৰকবোৰ আমি তলত আলোচনা কৰিম।

স্থানীয় কাৰণ
• দাঁতটোত যদি বহুত বেছিকৈ সংক্ৰমণ বা ইনফেকচন থাকে, লগত যদি অনিয়ন্ত্ৰিত চেলুলাইটিছ থাকে।
• দাঁতৰ অতি বেছি সংক্ৰমণ যেনে – আলু ফুলি যোৱা আৰু মুখৰ ঘা।
• অধিক মেক্সিলাৰী ছাইনাছত ভুগি থকা ৰোগী এজনৰ ক্ষেত্ৰত দাঁত উঠোৱা নিষেধ।
• পেৰিকৰোনাইটিছত ভুগি থকা ৰোগী এজনৰ ক্ষেত্ৰতো দাঁত উঠোৱা নহয়। কাৰণ এনে ক্ষেত্ৰত সাধাৰণতে শেষৰ পাৰি দাঁতৰ সংক্ৰমণ হয়, আৰু এই দাঁত ডিঙিৰ একেবাৰে কাষত অৱস্থিত।

প্ৰণালীগত কাৰণ – দাঁত এটা উঠোৱাৰ ক্ষেত্ৰত যদি ৰোগীজন কিছুমান আন ৰোগত আক্ৰান্ত হৈ থাকে তেতিয়াও সেই ৰোগীজনৰ দাঁত উঠোৱা নহয়। তলত এই বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে।

অনিয়ন্ত্ৰিত ডায়েবেটিছ মেলাইটাছ – ডায়েবেটিছ মেলাইটাছ ৰোগত আক্ৰান্ত ৰোগী এজনৰ ক্ষেত্ৰত দাঁত উঠোৱাৰ আগত তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি লোৱা হয়। অনিয়ন্ত্ৰিত ডায়েবেটিছৰ ক্ষেত্ৰত দাঁত উঠালে ঘা টুকুৰা শুকোৱাত পলম হয় বা নুশুকাবও পাৰে।

হৃদযন্ত্ৰৰ সমস্যা – উচ্চ ৰক্তচাপ, ধমনীৰ বিভিন্ন ৰোগ, ইস্কেমিক হাৰ্ট ডিজিজ, হৃদযন্ত্ৰ বন্ধ হৈ যোৱা ইত্যাদি বিভিন্ন হৃদযন্ত্ৰৰ ৰোগত দাঁত উঠোৱাৰ পৰা বিৰত থকা হয়।

গৰ্ভাৱস্থা – গৰ্ভাৱস্থাৰ প্ৰথম ভাগ আৰু শেষৰভাগত দাঁত উঠোৱাৰ পৰা আঁতৰি থকা হয়, কাৰণ প্ৰথম ভাগত অতি বেছি বমি হৈ থাকে আৰু শেষভাগত দাঁত উঠালে অপৰিপক্ক শিশু জন্ম হোৱাৰ সম্ভাৱনা থাকে।

ৰক্তক্ষৰণ বিকাৰ – যিসকল ৰোগীৰ সঘনে ৰক্তক্ষৰণ হোৱা দেখা যায় সেইবোৰ ৰোগী এনিমিয়া, হিম’ফিলিয়াছ, লিউক’মিয়া ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক আৰু এনে ক্ষেত্ৰত দাঁত উঠোৱাৰ পৰা বিৰত থকা যায়।

বৃক্কৰ ৰোগ – দাঁত উঠোৱাৰ সময়ত ব্যৱহৃত এনাস্থেটিক ঔষধ বৃক্কৰ সহায়তে ফিল্টাৰ হয়, যিটোৱে বৃক্কৰ সাংঘাতিক ক্ষতি কৰে।

ৰক্তক্ষৰণ বন্ধ হোৱা বা ৰক্ত পাতল কৰা ঔষধ সেৱন – যিবোৰ ৰোগীয়ে এনেকুৱা ধৰণৰ ঔষধ সেৱন কৰি থাকে তেওঁলোকে দাঁত উঠোৱাৰ আগতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

যকৃতৰ অসুখত ভুগি থকা ৰোগী – যকৃতৰ কিছুমান অসুখ যেনে – হেপাটাইটিছ বা ছিৰোছিছ ৰোগত ভুগি থকা ৰোগীসকলৰ দাঁত উঠোৱাৰ আগতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা হয়।

গইটাৰ ৰোগত আক্ৰান্ত ৰোগী – এনেকুৱা ৰোগীসকল থাইৰয়ড হৰম’নৰ বিসংগতিত ভোগে। গতিকে এনেকুৱা ৰোগীৰ দাঁত উঠোৱাৰ পৰা বিৰত থকা হয়।
দাঁত এটা উঠোৱাৰ সময়ত কেতিয়াবা কিছুমান ৰোগীৰ ক্ষেত্ৰত তৎকালীন অৱস্থায়ে দেখা দিয়ে তলত সেই বিষয়ে অলপ আলোচনা কৰা হ’ল—

১) ছিনকোপ – এই ক্ষেত্ৰত সাময়িকভাৱে ৰোগীজনৰ চেতনা লোপ পায় মগজুত অক্সিজেনৰ অভাৱ হয় কাৰণে। এইটো দন্ত চিকিৎসকৰ জগতত আটাইতকৈ সহজলভ্য দুৰ্ঘটনা। সাধাৰণতে ছিনকোপ কম বয়সৰ ৰোগ আৰু দুৰ্বল ৰোগীৰ ক্ষেত্ৰত দেখা যায়। লগতে চিন্তাক্লিষ্ট, ভয়াতুৰ, খালী পেটে থকা, বেছি গৰম অনুভৱ কৰা ৰোগীৰ ক্ষেত্ৰত দেখা যায়। তেজ দেখিলেও বহুত ৰোগী মূৰ্ছা যোৱা পৰিলক্ষিত হয়। এনেকুৱা ক্ষেত্ৰত ৰোগীজনক ওপৰমুৱাকৈ শুৱাই দি ভৰি দুখন উঠাই দিয়া হয়, যাতে হৃদযন্ত্ৰৰ পৰা মগজুলৈ সঠিকভাৱে তেজ চলাচল হয়।
২) শ্বক – ই এক আন ৰোগৰ লাক্ষণিক ঘটনা, যি হৃদযন্ত্ৰ অথবা ৰক্তনলীৰ সঞ্চালনৰ বিসংগতিৰ ফলত হোৱা নিম্ন ৰক্তচাপৰ ফল। ইয়াৰ কেইটামান ভাগ আছে, যেনে—
ৰক্তস্ৰাৱী শ্বক – অত্যাধিক ভিতৰুৱা ৰক্তক্ষৰণৰ ফলত হয়।

হাইপোভোলিমিক শ্বক – বমি অথবা ডায়েৰীয়াৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি গ’লে হোৱা দেখা যায়।

হৃদযন্ত্ৰৰ ৰোগৰ ফলত হোৱা শ্বক – বিভিন্ন হৃদযন্ত্ৰৰ ৰোগৰ ফলত হয়।

ছেপ্টিক শ্বক – বিভিন্ন কাৰণত হোৱা তেজৰ সংক্ৰমণ।

এনাফাইলেক্টক শ্বক – ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত হয়।

আন বিভিন্ন কাৰণ, যেনে – তেজত ছুগাৰৰ পৰিমাণ কমি যোৱা, কিছুমান এড্ৰিনেল বিসংগতি ইত্যাদি।
শ্বক হোৱা ৰোগীজনক তেনেকৈয়ে শুৱাই দি মূৰটো তলত ৰাখি ভৰি ভাঁজ কৰি দিব লাগে। শৰীৰৰ তাপমাত্ৰা সঠিকভাৱে বজাই ৰাখিব লাগে। উশাহ-নিশাহ ভালদৰে লৈছেনে পৰীক্ষা কৰিব লাগে। যি ধৰণৰ ঔষধৰ প্ৰয়োজন তাক ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰিব লাগে।

এলাৰ্জী প্ৰতিক্ৰিয়া – কিছুমান ঔষধ পাৰ্শ্বক্ৰিয়া হিচাপে এই এলাৰ্জী ৰিয়েকচন হোৱা দেখা যায়। এজন ৰোগীৰ ক্ষেত্ৰত এলাৰ্জী তাৎক্ষণিক হিচাপে অথবা পলমকৈ হোৱা দেখা যায়। এই ক্ষেত্ৰত শৰীৰত কিছুমান ৰঙা চকলা উঠে, ছাল ফুলি যায়, খজুৱতি, আৰ্টিকেৰিয়া হোৱা দেখা যায়। কিছু কিছু ক্ষেত্ৰত চকুৰ পতা ফুলা, জিভা আৰু ওঁঠ ফুলা দেখা যায়।
যিটো ঔষধ পৰা এই এলাৰ্জী হয় সেই ঔষধবিধ বন্ধ কৰা উচিত আৰু প্ৰতিকাৰ হিচাপে আন প্ৰয়োজনীয় ঔষধ ব্যৱহাৰ কৰা উচিত।

ব্ৰংকোস্পাজম – যিসকল লোক হাঁপানী ৰোগত আক্ৰান্ত হৈ থাকে তেওঁলোকৰ ব্ৰংকোস্পাজম হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত ৰোগীয়ে উশাহ লোৱাত কষ্ট পায় আৰু উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ কৰে। বিভিন্ন কাৰণত এই ব্ৰংকোস্পাজম হয়।
এই ক্ষেত্ৰত ৰোগীজনক সামান্য ওপৰমুৰাকৈ, পিঠিখন বিছনা বা ছোফাত অলপ থিয়কৈ ৰাখি ভৰি দুখন মেলি দি বহিবলৈ দিয়া হয়। অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হয়। ৰোগীজনক প্ৰয়োজনীয় ইনহেলাৰ জাতীয় ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। কিছু কিছু ক্ষেত্ৰত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উচ্চ ৰক্তচাপ – উচ্চ ৰক্তচাপত ভুগি থকা ৰোগী এজনৰ ক্ষেত্ৰত অত্যাধিক ৰক্তক্ষৰণ হোৱা, হৃদযন্ত্ৰ বন্ধ হৈ যোৱা, হৃদযন্ত্ৰৰ বিভিন্ন তাৎক্ষণিক ৰোগ হোৱা পৰিলক্ষিত হয়। পৰাপক্ষত উচ্চ ৰক্তচাপত ভুগি থকা লোকে উপযুক্ত ঔষধ ব্যৱহাৰ কৰিহে দন্ত চিকিৎসাৰ দিশত আগবঢ়া উচিত।
দেখাত দাঁত এটা উঠোৱাটো বহুত সহজ কাম যেন লাগিলেও আচলতে ই এক অতি সহজ কাম বা চিকিৎসাৰ এটা সহজ বিষয় নহয়। দাঁত এটা উঠাবলৈ যোৱাৰ আগতে বহুত কথাৰ ওপৰত ধ্যান দিব লগা হয়। নহ’লে বহুত ডাঙৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে। দাঁত এটা যাতে পৰাপক্ষত উঠাবলগীয়া পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবে আমি দাঁতৰ যতন ভালদৰে ল’ব লাগে। মনত ৰখা উচিত যে ভাল আৰু মজবুত দাঁতৰ অধিকাৰীয়েহে সুস্বাস্থ্যৰ গৰাকী হ’ব পাৰে।

ডাঃ ৰীতি কৌশিক

Address

Bimola Medical Hall , AT Road, Near GD Hospital & Research Centre
Nagaon
782002

Alerts

Be the first to know and let us send you an email when Dr A F J Answary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share