20/12/2022
দন্ত চিকিৎসা আৰু কৃত্ৰিম দাঁত
ডাঃ ৰীতি কৌশিক (লেখিকা ডেণ্টেল ক্লিনিকেল স্পেচিয়েলিষ্ট)
“সাধাৰণতে ২৪ ঘণ্টা উকলি যোৱাৰ পিছত দাঁত উঠোৱা খালী ঠাইখিনি খুব পৰিষ্কাৰকৈ ৰাখিব লাগে, যাতে তাৰ পৰা নতুনকৈ বেলেগ ইনফেকচন বা সংক্ৰমণ নহয়। মাউথ বাশ্বৰ লগতে মাজে-সময়ে কুহুমীয়া গৰম পানীত নিমখ দি কুলকুলি কৰিব লাগে।”
ক্ষৰণ ৰোগ হৈ একেবাৰে বেয়া অৱস্থাৰ দাঁত এটা দন্ত চিকিৎসক এগৰাকীৰ কাৰণে উঠোৱাৰ বাহিৰে উপায় নাথাকে। দাঁত এটা উঠাই দিয়া প্ৰক্ৰিয়াটো শুনিবলৈ যথেষ্ট সহজ যেন লাগিলেও ই এক অতি সংবেদনশীল পদ্ধতি বা ই এক গম্ভীৰ বিষয়। আমি আগতে দাঁত এটা কি কি কাৰণত উঠাব লাগে আৰু কি কি কাৰণত উঠাব নোৱাৰি এই বিষয়ে বহুলভিত্তিক আলোচনা কৰিছো। আজি আমি আলোচনাৰ বিষয় হিচাপে বাচি লৈছো দাঁত এটা উঠোৱাৰ পিছৰ পৰ্যায়। অৰ্থাৎ দাঁত এটা উঠোৱাৰ পিছত হ’ব পৰা জটিলতাৰ বিষয়ে। এই জটিলতাসমূহ ৰোগীজনৰ কাৰণে ভয়ানক আৰু সেইবাবেই ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। সাধাৰণতে দাঁত উঠোৱাৰ ২৪ ঘণ্টালৈকে ৰোগীক ঠাণ্ডা আৰু পাতলীয়া আহাৰ খাবলৈ দিয়া হয় আৰু প্ৰথমদিনা মুখ কুলকুলি নকৰিবলৈ উপদেশ দিয়া হয়। কিয়নো দাঁত উঠোৱাৰ দুই-তিনি মিনিটৰ ভিতৰত তেজ কৰাল মৰা আৰম্ভ হয়। যদি সেই কৰাল মৰাখিনি লৰচৰ হয়, তেন্তে আকৌ নতুনকৈ দাঁত উঠোৱা ঠাইৰ পৰা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাই। গতিকে প্ৰথম ২৪ ঘণ্টা সাৱধানে থকাৰ উপদেশ দিয়া হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত দাঁত উঠোৱাৰ পিছত চিলাই দিয়া হয়, এই চিলাই সাত দিনৰ পিছত খোলা হয়। সাধাৰণতে ২৪ ঘণ্টা উকলি যোৱাৰ পিছত দাঁত উঠোৱা খালী ঠাইখিনি খুব পৰিষ্কাৰকৈ ৰাখিব লাগে, যাতে তাৰ পৰা নতুনকৈ বেলেগ ইনফেকচন বা সংক্ৰমণ নহয়। মাউথ ৱাশ্বৰ লগতে মাজে-সময়ে কুহুমীয়া গৰম পানীত নিমখ দি কুলকুলি কৰিব লাগে।
তলত আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম দাঁত উঠোৱাৰ পিছত হ’ব পৰা জটিলতাৰ বিষয়ে।
১। অপাৰেচন কৰাৰ পিছৰ ৰক্তক্ষৰণ (Post Operative Haemorrhage)— দাঁত এটা উঠোৱাৰ পিছত ৰোগীজনৰ যদি ৰক্তক্ষৰণ হৈয়েই থাকে এক-দুই ঘণ্টালৈ, তেন্তে ৰোগীজনৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে গতি কৰিব। দাঁত উঠোৱা প্ৰতিগৰাকী ৰোগীক কিছু সময়ৰ বাবে কুলকুলি কৰাৰ পৰা বিৰত থাকিবলৈ দিব লাগে, যাতে বন্ধ হ’ব ধৰা ৰক্তক্ষৰণ আকৌ আৰম্ভ নহয়। অলপ কপাহ উতলাই তাক ভালদৰে আতি লৈ উঠোৱা দাঁতটোৰ ঠাইত দি ভালদৰে কামুৰি ধৰিবলৈ দিব লাগে, যাতে তেজ ওলোৱা বন্ধ হৈ যায়। লগতে বিভিন্ন ঔষধো ব্যৱহাৰ কৰা হয় ৰক্তক্ষৰণ বন্ধ কৰিবলৈ।
২। বিষ আৰু ফুলা (Pain)— দাঁত এটা উঠোৱাৰ পিছত সেই ঠাইখিনি বিষোৱা আৰু ফুলি উঠাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যদি দাঁতটো উঠাওঁতে অতি বেছি জোৰ দিবলগীয়া হৈছে বা আঘাত পাইছে, তেতিয়া বহু বেছি ফুলি উঠা দেখা যায়। তেনে অৱস্থাত সেই ঠাইখিনিৰ বাহিৰ ফালে মুখমণ্ডলত ঠাণ্ডা দিব লাগে আৰু বিষনাশক মলম লগাব লাগে। যদি তথাপি ভাল নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে এণ্টিবায়’টিক ঔষধৰ সহায় লোৱা উচিত।
৩। বেক্টেৰেমিয়া (Bacteraemia)— বেক্টেৰিয়েল ইনফেকচন যাতে নহয় তাৰ বাবে চিকিৎসকে দাঁত উঠোৱাৰ আগতেই এণ্টিবায়’টিক খাবলৈ দিয়ে ৰোগীগৰাকীক। নহ’লে পিছত দাঁতৰ ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।
৪। অষ্টিঅ’মাইলাইটিছ (Osteomyelitis)— দাঁত উঠোৱাৰ পিছত এই সমস্যাই দেখা দিয়ে কিছুমান ক্ষেত্ৰত। অতি বেছি জ্বৰ হোৱাৰ লগতে শ্বেতৰক্ত কণা বৃদ্ধি হয় আৰু উঠোৱা দাঁতটোৰ কাষৰ দাঁতটো নিজৰ ঠাইত ঢিলা হৈ পৰে। এক্স-ৰে’ৰ সহায়ত ইয়াক নিশ্চিত কৰা হয়।
৫। ড্ৰাই ছ’কেট (Dry Socket)— ই একধৰণৰ বিষযুক্ত খালী ঠাই, য’ত দাঁত উঠোৱাৰ পিছত নিজেই পূৰ্ণ নহৈ নাৰ্ভবোৰ ওলাই থাকে। ফলত ই বহুত বেছি বিষময় হয়। সাধাৰণতে এই অৱস্থা দাঁত এটা উঠোৱাৰ দ্বিতীয় অথবা তৃতীয় দিনা হয়, লগতে মুখৰ ভিতৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়। এনেক্ষেত্ৰত কুহুমীয়া গৰম পানীৰে ভালকৈ মুখখন আখলি এণ্টিছেপ্টিক ড্ৰেছিং দিয়া হয়।
ইয়াৰ লগতে আৰু দুটামান কথা সংযোজিত কৰিব বিচাৰিছো যে দাঁত এটা উঠোৱাৰ পিছত যদি সেই ঠাইখিনিত কেপিং কৰা নহয় বা কৃত্ৰিম দাঁত লগোৱা নহয় তেতিয়া কি ধৰণৰ সমস্যাই দেখা দিব পাৰে।
ক) দাঁত এটা উঠোৱাৰ পিছত যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত খালী হৈ পৰা ঠাইখিনি কেপিং কৰি অথবা কৃত্ৰিম দাঁত লগাই পূৰণ কৰা নাযায় তেন্তে সম্পূৰ্ণ দাঁতৰ পাৰিটোৰ সমস্যাই দেখা দিয়ে। গোটেই পাৰিটো সমান্তৰাল হৈ নাথাকে (Improper teeth alignment)। ফলত দাঁতবোৰ দুৰ্বল হৈ পৰে, উপযুক্ত জোৰ নাপাই। খোৱাত অসুবিধা হয়।
খ) খালী হৈ থকা ঠাইখিনিৰ কাৰণে খাদ্যবস্তু চোবোৱাত অসুবিধা হয় আৰু কামোৰবোৰ সঠিক নহয়। যাৰ ফলত খাদ্য ভালকৈ হজমো নহয়।
গ) দাঁতটো উঠোৱাৰ ফলত খালী হৈ থকা ঠাইখিনিত আৰু কাষৰ দাঁতত ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।
ঘ) বাৰে বাৰে ব্ৰাছ কৰাৰ ফলত খালী হৈ থকা আলুখিনিত ব্ৰাছ লাগি ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।
দাঁত এটা উঠোৱাৰ পিছত সম্পূৰ্ণ তিনি মাহ অপেক্ষা কৰিব লাগে। তাৰ পিছতহে নতুন দাঁত সংস্থাপন কৰাৰ কথা ভাৱিব পাৰি। কৃত্ৰিম দাঁত দুই ধৰণৰ পদ্ধতিৰে লগোৱা হয়। প্ৰথম ‘ইমপ্লেণ্টেচন’ আৰু দ্বিতীয়তে ‘ব্ৰীজ’ (bridge)।
১। ইমপ্লেণ্টেচন (Implantation/Implant)— এটা দাঁত উঠোৱাৰ পিছত সেই খালী ঠাইখিনিত নতুনকৈ কৃত্ৰিম দাঁত এটা সংস্থাপন কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াত অতি উচ্চমানৰ ধাতু নিকেল টাইটেনিয়ামৰ কিছুমান স্ক্ৰু (Screw) উঠাই পেলোৱা দাঁতটোৰ হাড়লৈকে সংস্থাপন কৰা হয়। এই স্ক্ৰু সংস্থাপন কৰা তিনি মাহ পিছত স্ক্ৰুসমূহৰ ওপৰত কৃত্ৰিম দাঁতটো বহাই দিয়া হয়। এই চিকিৎসা পদ্ধতিৰ বাবে হাড় মজবুত আৰু শক্তিশালী হোৱা অতি প্ৰয়োজনীয়। লগতে ৰোগী শাৰীৰিকভাৱে সুস্থ হোৱা দৰকাৰী।
২। ব্ৰীজ (Bridge)—উঠাই পেলোৱা দাঁতটোৰ কাষৰ দাঁতৰ সহায় লৈ নতুন কৃত্ৰিম দাঁত লগোৱা হয় ব্ৰীজ পদ্ধতিৰ সহায়ত। এখন দলং তৈয়াৰ কৰিবলৈ যি ধৰণে দুটা খুঁটাৰ মাজত দলংখন থাকে, ঠিক একেদৰে এই পদ্ধতিত কাষৰ দাঁত দুটা খুঁটা হিচাপে ব্যৱহাৰ কৰি কৃত্ৰিম দাঁত লগোৱা হয়। ইয়াৰ বাবে কাষৰ দাঁত দুটা যন্ত্ৰ ব্যৱহাৰ কৰি অলপ আকাৰত সৰু কৰি লোৱা হয়, যাতে কৃত্ৰিম দাঁতটো বহুৱাব পাৰি বা ক্ৰাউনটো (crown) বহুৱাব পাৰি, য’ত উঠাই পেলোৱা দাঁতটো সংলগ্ন হৈ থাকে।
এই দুটা পদ্ধতিৰ সহায়ত বৰ্তমান কৃত্ৰিমভাৱে উঠাই পেলোৱা দাঁত লগোৱা হয়। উঠাই পেলোৱা দাঁত লগোৱাটো অতি প্ৰয়োজনীয়। উঠাই পেলোৱা দাঁত নলগালে কাষৰ দাঁতবোৰৰ জোৰ নোহোৱা হৈ যায় লাহে লাহে। ভালকৈ চোবাই খোৱাত অসুবিধা হয়। ভালকৈ চোবাই খাব নোৱাৰিলে খাদ্য হজম নহয়, ফলত শৰীৰে পাবলগীয়া পুষ্টি নাপাই।
দাঁতৰ যতন ভালকৈ লওঁক, দুযোৰ সুস্থ-সবল আৰু নিৰোগী দাঁতৰ অধিকাৰী হওঁক। দাঁত সুস্থ হ’লেহে শৰীৰ নিৰোগী হ’ব আৰু এটা ধুনীয়া হাঁহিৰ গৰাকী হ’ব।
জনহিতাৰ্থে প্ৰচাৰিত
(বিঃ দ্ৰঃ – আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই নিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।)